যকৃত (Liver) উপহাৰ দি দুই ভগ্নীয়ে নতুন জীৱন প্ৰদান কৰিলে ভাতৃক

ডিজিটেল ডেক্সঃ দেওবাৰে দেশজুৰি উদযাপন কৰা হয় ভাতৃ ভগ্নীৰ বান্ধোনৰ প্ৰেমৰ প্ৰতীক উৎসৱ ৰাখী বন্ধন। এইবাৰ উত্তৰ প্ৰদেশৰ পৰা ভাতৃ ভগ্নীৰ প্ৰেমৰ বান্ধোনক অধিক শক্তিশালী কৰি তোলা এক খবৰ পোহৰলৈ আহিছে।

উত্তৰ প্ৰদেশৰ ভোডাউনৰ বাসিন্দা ১৪ বছৰীয়া এগৰাকী কিশোৰ, নাম অক্ষত। শৰীৰৰ বৰ্ধিত ওজনৰ বাবে যকৃত (liver) বিফল হোৱাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল অক্ষতে। খবৰ অনুসৰি বহুদিনৰ পৰা অক্ষতৰ যকৃতে সঠিকভাৱে কাম কৰা নাছিল। ফলত দীৰ্ঘদিন ধৰি তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ আছিল।

শিশু বিশেষজ্ঞ ডাক্তৰ নীলম মোহনে জনোৱা অনুসৰি অক্ষতৰ ওজন আছিল ৯২ কিলোগ্ৰাম। অক্ষতৰ দুই জ্যেষ্ঠ ভগ্নী ক্ৰমে নেহা আৰু প্ৰেৰণাই অক্ষতক যকৃত দান কৰিব বিচাৰিছিল। কিন্তু অক্ষতৰ ওজন মাত্ৰাধিক হোৱা বাবে দুয়োগৰাকী ভগ্নীয়ে আধা যকৃত (Liver) দান কৰিছিল অক্ষতক। আৰু এক নতুন জীৱন উপহাৰ দিছিল ভাতৃ অক্ষতক।

চিকিৎসক সকলৰ বাবে এয়া যথেষ্ট কঠিন আৰু এক সফল অস্ত্ৰোপচাৰ আছিল।

liver donate by sisterliver donate in up
Comments (0)
Add Comment