তালিবানে শেষ কৰিলে আফগান ক্ৰিকেটাৰৰ সৈতে সংসাৰ গঢ়িব বিচৰা অভিনেত্ৰী আর্শী খানৰ সপোন

ডিজিটেল ডেক্সঃ তালিবানে ২০ বছৰৰ পিছত পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰিলে। এতিয়া তালিবানৰ ভয়ত দেশ খনৰ বহু নাৰীয়ে আত্মৰক্ষাৰ স্বাৰ্থত অন্য দেশলৈ পলায়ন কৰিছে। সমান্তৰাল ভাৱে আফগান ক্ৰিকেটাৰৰ সৈতে সম্পৰ্ক ভংগ কৰিবলগীয়া হৈছে অভিনেত্ৰী আর্শী খানে।

খবৰ অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহত এগৰাকী আফগান ক্ৰিকেটাৰৰ সৈতে বিবাহ ঠিক হোৱাৰ কথা আছিল আর্শী খানৰ।
অভিনেত্ৰী আর্শী খানৰ মন্তব্য অনুসৰি তেওঁৰ বাবে তেওঁৰ পিতৃয়ে পছন্দ কৰিছিল আফগান ক্ৰিকেটাৰ গৰাকীক। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত এতিয়া এই সম্পৰ্ক শেষ কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে।

লগতে তেওঁৰ পৰিয়ালৰ লোকে এতিয়া তেওঁৰ বাবে হয়তো এজন ভাৰতীয় সংগী বাছনি কৰিব লাগিব বুলি ও মন্তব্য প্ৰকাশ কৰে।উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে আফগানিস্তানত জন্ম গ্ৰহণ কৰিছিল যদিও বৰ্তমান তেওঁ এগৰাকী ভাৰতীয় নাগৰিক।

afghan cricketer with arshi khanarshi khan
Comments (0)
Add Comment