উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ মৃত্যু

ডিজিটেল ডেক্সঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ শনিবাৰে সন্ধিয়া মৃত্যু হয়। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী প্ৰায় দুমাহ ধৰি অসুস্থ হৈ আছিল। তেওঁক উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌৰ এছজিপিজিআইত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। কল্যাণ সিঙে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নেতাগৰাকীৰ মৃত্য়ুৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশত।

লক্ষ্ণৌ পিজিআইয়ে শনিবাৰে সন্ধিয়া এক বিবৃতি জাৰি কৰি কয় যে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল মাননীয় কল্যাণ সিঙৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত মৃত্যু হয়। তেওঁক ৪ জুলাইত সংকটজনক অৱস্থাত সঞ্জয় গান্ধী পিজিআই Critical Care medicineৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

DA News PlusFormer UP CMKalyan Sing Death
Comments (0)
Add Comment