ভাৰতীয় বায়ু সেনাৰ চি-১৩০জে বিমানত কাবুলৰ পৰা ৮৫ জন ভাৰতীয় ঘৰ অভিমুখে ৰাওনা

ডিজিটেল ডেক্স: তালিবানৰ শাসনৰ পাচতে আফগানিস্তাত ভাৰতীয় সকলক স্থানান্তৰ কৰা হৈছে। ভাৰতীয় বায়ু সেনাৰ চি-১৩০জে বিমানখনে শনিবাৰে কাবুলৰ পৰা ৮৫ জন ভাৰতীয়ক কঢ়িয়াই ভাৰতলৈ উৰা মাৰিছে।

উল্লেখ্য যে, মঙলবাৰে বায়ু সেনাৰ চি-১৭ গ্লোবমাষ্টাৰ বিমানযোগে প্ৰায় ১২০ জন ভাৰতীয় নাগৰিক ভাৰতত উপস্থিত হৈছিল। জানিব পৰা অনুসৰি, প্ৰায় ৪৫০ জন ভাৰতীয় আফগানিস্তানত আৱদ্ধ হৈ আছে।

85 Indians come to IndiaAfganistanCabulDA News Plus
Comments (0)
Add Comment