মুম্বাই বিমানবন্দৰৰ সন্মুখত কি কৰিছে চলমান-কেটৰিনাই?

ডিজিটেল ডেক্স: হঠাৎ শুকুৰবাৰে চুপাৰষ্টাৰ চলমান খান আৰু কেটৰিনা কাইফ একেলগে মুম্বাই বিমানবন্দৰত। চলমান-কেটৰিনাৰ লগত চোহা আলী খান, সীমা খানৰ পুত্ৰ নিৰ্বাণ খানকো মুম্বাই বিমানবন্দৰত প্ৰত্যক্ষ কৰা হয়।

দৰাচলতে, ‘টাইগাৰ ৩’ ৰ দৃশ্যগ্ৰহণৰ বাবে আটাইকেইগৰাকী তাৰকাই ৰাছিয়ালৈ ৰাওনা হৈছে। ছবিখনত চোহা আলী খান আৰু নিৰ্বাণ খানেও অভিনয় কৰিব।

যশৰাজ ফিল্মৰ দ্বাৰা প্ৰযোজিত ‘টাইগাৰ ৩’। ছবিখনৰ পৰিচালক মনিষ শৰ্মা। ৰাছিয়াৰ উপৰিও তাৰ্কি আৰু অষ্ট্ৰিয়াতো ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম কৰা হ’ব।

DA News PlusKatrina KaifMumbai AirportSalman KhanTiger 3
Comments (0)
Add Comment