আজি ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৭সংখ্যক জন্ম দিৱস

ডিজিটেল ডেক্স: আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭৭ সংখ্যক জন্ম বাৰ্ষিকী। তেওঁৰ জন্ম দিনটো ‘সদ্ভাৱনা দিৱস’ হিচাপে সমগ্ৰ দেশতে উদযাপন কৰা হয় ৷ এই দিৱসৰ উদ্দেশ্য হ’ল সমগ্ৰ দেশতে বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি, আৰু সাৰ্বভৌমত্ব প্ৰচাৰ কৰা। দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী।

১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতে মাত্ৰ ৪০ বছৰ বয়সতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৰাজীৱ গান্ধী ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়া ৰাজীৱ গান্ধীৰ বয়স আছিল মাত্ৰ ৩ বছৰ। ডেৰাডুনৰ ৱেলহাম প্ৰেপৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ কেমব্ৰিজৰ ত্ৰিনিটি কলেজত নামভৰ্তি কৰিছিল ৷ তাৰ পৰা তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজত নাম ভৰ্তি কৰিছিল ৷

স্মৰ্তব্য যে, দেশৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ নিজৰ চেষ্টা আৰু প্ৰতিশ্ৰুতিৰ বাবে ৰাজীৱ গান্ধীয়ে “Mr Clean” উপাধি লাভ কৰিছিল। তেওঁৰ কাৰ্যকালতে ১৯৮৫ চনত ‘anti-defection law’ কাৰ্যকৰী কৰিছিল গান্ধীয়ে ৷ এই আইনৰ অধীনত সদনলৈ নিৰ্বাচিত এগৰাকী সাংসদে পৰৱৰ্তী নিৰ্বাচনলৈ বিৰোধী দলত যোগদান কৰিব নোৱাৰে ৷ ১৯৯১ চনত মানৱ বোমা আক্ৰমণত গান্ধীৰ মৃত্যু হৈছিল।

Birth AnniversaryDA News PlusRajiv Gandhi
Comments (0)
Add Comment