জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত বিজেপি নেতা

ডিজিটেল ডেক্স, জন্মু-কাশ্মীৰ: পুনৰ উত্তপ্ত জন্মু-কাশ্মীৰ। জন্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণ। বিজেপি নেতাক মূল লক্ষ্য কৰি আক্ৰমণ। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত বিজেপি নেতা জাবেদ আহমদ দাৰ। জিলাখনৰ দক্ষিণ কাশ্মীৰৰ ব্ৰজলু জাগীৰ এলেকাত মংগলবাৰে বিয়লি গুলীয়াই হত্যা কৰে। ইয়াৰ পাচতেই নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে। এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে বিজেপিৰ নেতা-কাৰ্যকৰ্তাসকলৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বিজেপি নেতা গুলাম ৰচুল দাৰ আৰু পত্নীক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। ফলত পত্নীসহ বিজেপি নেতা গুলাম ৰচুল দাৰৰ মৃত্যু হয়।

BJPDA News PlusJammu_kashmir
Comments (0)
Add Comment