সংবাদ গোষ্ঠী ‘দৈনিক ভাস্কৰ’ৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী

ডিজিটেল ডেক্স, নতুন দিল্লী: সংবাদ গোষ্ঠী ‘দৈনিক ভাস্কৰ’ৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী অভিযান। দিল্লী, জয়পুৰ, আহমেদাবাদ, ভূপাল আৰু ইন্দোৰত থকা সংবাদ গোষ্ঠীটোৰ কাৰ্যালয়ত বৃহস্পতিবাৰে তালাচী চলাইছে আয়কৰ বিভাগে।

এই সংবাদ গোষ্ঠীটোৰ শীৰ্ষ বিষয়াবৰ্গৰ বাসভৱনতো চলোৱা হৈছে তালাচী অভিযান। ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰাত চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাবে এইদৰে আয়কৰ তালাচী চলোৱা বুলি অভিযোগ কৰিছে বিৰোধী পক্ষই। উল্লেখযোগ্য যে, দেশৰ ছপা মাধ্যমৰ অন্যতম জনপ্ৰিয় সংবাদ গোষ্ঠী হৈছে দৈনিক ভাস্কৰ।

DA News PlusDainik BhaskarIncome TaxRaid
Comments (0)
Add Comment