নৱজ্যোত সিং সিদ্ধু পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ

ডিজিটেল ডেক্স, পঞ্জাৱ: পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ কোন হ’ব অধ্যক্ষ তাক লৈ বিতৰ্কৰ অৱসান ঘটাই দেওবাৰে নৱজ্যোত সিং সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা হৈছে যে সিদ্ধুৰ লগতে আন চাৰিগৰাকী কাৰ্যকৰী সভাপতিক কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে তাৎক্ষণিকভাৱে নিযুক্তি দিয়ে। চাৰিগৰাকী কাৰ্যকৰী সভাপতি হৈছে সঙ্গত সিং গিলজিয়ান, সুখবিন্দৰ সিং ডেনি, পৱন গোৱেল আৰু কুলজিৎ নাগ্ৰা।

DA News PlusNabjot Singh Sidhu AppointedPanjab Congress Chief
Comments (0)
Add Comment