মহাকাশলৈ উৰা মাৰিলে ছিৰিছা বাণ্ডলাই

ডিজিটেল ডেস্ক, নতুন দিল্লী: ভাৰতীয় মূলৰ মহিলা ছিৰিছা বাণ্ডলাৰ সফলতা পূৰ্বক মহাকাশ যাত্ৰা। কল্পনা চাওলাৰ পাচতে মহিলা হিচাপে মহাকাশলৈ যাত্ৰা ছিৰিছাৰ।দেওবাৰে নিশা ৮ বজাত সফলতাৰে মহাকাশ বিমানত যাত্ৰা আৰম্ভ কৰে ছিৰিছাই।

বৰ্জিন গেলেক্টিকৰ য়ুনিটি – ২২ মহাকাশ বিমান খনেৰে এই যাত্ৰা ছিৰিছাৰ। ইয়াৰ পূৰ্বে ভাৰতীয় হিচাপে ৰাকেশ শৰ্মা, কল্পনা চাওলা আৰু সুনিতা উইলিয়ামে মহাকাশলৈ যাত্ৰা কৰিছিল। কল্পনা চাওলাই দুবাৰকৈ মহাকাশ যাত্ৰা কৰিছিল। দ্বিতীয়বাৰৰ বাবে যাত্ৰা কৰা কল্পনা চাওলাই মহাকাশৰ পৰা উভতি আহোতে, পৃথিৱী পোৱাৰ মাত্ৰ ১৬ মিনিট আগতেই মহাকাশ বিমানখন ধ্বংস হৈ কল্পনা চাওলাৰ মৃত্যু হয়।

ছিৰিছাৰ সৈতে এই মহাকাশ যাত্ৰাৰ সংগী অন্য ৫ গৰাকী মহাকাশচাৰী। ছিৰিছা বৰ্জিন গেলেক্টিক কোম্পানীৰ গভৰ্ণমেন্ট এফেয়াৰ্ছ এণ্ড ৰিচাৰ্ছ অপাৰেচনৰ উপাধ্যক্ষ। কেৱল মাত্ৰ ৬ টা বছৰৰ ভিতৰতে নিজৰ দক্ষতাৰ ভিত্তিত এই উচ্চ পদ লাভ কৰিছে ছিৰিছাই।

DA News PlusSirisha BandlaSuccessful Journey
Comments (0)
Add Comment