এখন ‘স্কুটাৰ’ৰ মৃত্যু, ৰাজপথত চিঞৰি চিঞৰি কান্দিলে কেইগৰাকীমান মহিলাই…

পুডুচেৰীত কেইগৰাকীমান মহিলাই হুৰাওৰে কান্দিছে৷ কোনো আত্মীয়ৰ মৃত্যুত এইদৰে কন্দা নাই মহিলা কেইগৰাকীয়ে৷ ক্ৰন্দনৰত মহিলাৰ ভিডিঅ’ সংগ্ৰহ কৰিছে বিভিন্ন বাতৰি প্ৰতিষ্ঠানৰ সংবাদিকে৷ কিন্তু এই মহিলাকেইগৰাকীৰ কোন আত্মীয় ঢুকাইছে সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব৷

আচলতে এই মহিলাকেইগৰাকীৰ মৃত আত্মীয় হৈছে এখন স্কুটাৰ৷ এখন স্কুটাৰৰ মৃত্যুত শৱদেহ লৈ সমদল মহিলাসকলৰ৷ প্ৰকৃততে এয়া এক প্ৰতিবাদৰ ব্যতিক্ৰমী ৰূপহে৷ পুডুচেৰী মহিলা কংগ্ৰেছ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে৷

পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বাবে এক লিটাৰ পেট্ৰ’ল কিনাটো বহুতৰে বাবে সহজসাধ্য নহয়৷ এনে পৰিস্থিতিত পেট্ৰ’লৰ অভাৱত স্কুটাৰৰ মৃত্যুক প্ৰতীক হিচাপে লৈ পুডুচেৰী মহিলা কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ৷

DA News PlusDeathScooter
Comments (0)
Add Comment