ৰাজ্যত ক’ভিডৰ নতুন SOP প্ৰকাশ,এই সন্দৰ্ভত কি কি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ? জানক সবিশেষ…

ৰাজ্যত ক’ভিডৰ নতুন বিধি প্ৰকাশ। স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে ক’ভিডৰ নতুন SOP। ৰাজ্যৰ ৭ খন জিলাত কাইলৈৰ পৰা ৭ দিনলৈ টোটেল কণ্টেইনমেণ্ট। গোৱালপাৰা, গোলাঘাট, যোৰহাট টোটেল কণ্টেইনমেণ্ট। শোণিতপুৰ, বিশ্বনাথ জিলাও ৭ দিনলৈ কণ্টেইনমেণ্ট জ’ন।মৰিগাঁও, লখিমপুৰ জিলাও টোটেল কণ্টেইনমেণ্ট। জিলাকেইখনত অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিলতা। জিলাকেইখনত বিয়লি ৫ বজালৈ থাকিব গেলামালৰ দোকান। এই ৭ জিলাত বন্ধ থাকিব অন্যান্য সকলো হাট-বজাৰ।

১৬খন জিলাত ১ বজালৈ খোলা থাকিব দোকান-পোহাৰ। বিয়লি ২ বজাৰ পৰা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ। জিলাকেইখন শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী। বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি। কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলঙত ২ বজাৰ পৰা সান্ধ্য আইন। শিৱসাগৰ আৰু ডিব্ৰুগড়ত চোকা নজৰ ৰাখিব প্ৰশাসন। ১১খন জিলাত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ।

এই জিলাকেইখনত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ। জিলাকেইখন ধুবুৰী, কামৰূপ মেট্ৰ’, দক্ষিণ শালমাৰা, মাজুলী।বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও। চৰাইদেউ আৰু হাইলাকান্দি জিলাত বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ। কামৰূপ মহানগৰ জিলাত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। মহানগৰবাসীক ক’ভিড নীতি মানি চলাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ।আন্তঃজিলাৰ যাতায়াত পূৰ্বৰ দৰেই বন্ধ থাকিব। বন্ধ থাকিব বিদ্যালয় আৰু মহাবিদ্যালয়।

AssamDA News PlusSOP
Comments (0)
Add Comment