নতুন উপ-সেনা প্ৰধানৰ দায়িত্বত লেফটেনেণ্ট জেনেৰেল সঞ্জীৱ কুমাৰ শৰ্মা

ডিজিটেল ডেস্ক: নতুন উপ-সেনা প্ৰধানৰ দায়িত্বত লেফটেনেণ্ট জেনেৰেল সঞ্জীৱ কুমাৰ শৰ্মা। লেফটেনেণ্ট জেনেৰেল পৰমজিৎ সিঙৰ উত্তৰাধিকাৰী সঞ্জীৱ কুমাৰ শৰ্মাই উপ-সেনা প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। পৰমজিৎ সিঙে ৩৯ বছৰ কাৰ্যকাল কটোৱাৰ পিছত বুধবাৰে অৱসৰ গ্ৰহণ কৰে। সামৰিক চোৰাংচোৱা বিভাগৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লেফটেনেণ্ট জেনেৰেল শৰ্মাই বৃহস্পতিবাৰে উপ-সেনা প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

লেফটেনেণ্ট জেনেৰেল শৰ্মা বাংগালুৰুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । ১৯৮৩ চনৰ ডিচেম্বৰ মাহত ৰাজপুতানা ৰাইফলছত নিযুক্তি লাভ কৰিছিল সঞ্জীৱ কুমাৰ শৰ্মাই।

DA News PlusDeputy Chief of Army StaffLt General Sanjeev Kumar Sharma
Comments (0)
Add Comment