জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

ডিজিটেল ডেস্ক, জন্মু-কাশ্মীৰ: জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত নিহত তিনি অচিনাক্ত সন্ত্ৰাসবাদী। বৰ্তমানেও অভিযান অব্যাহত আছে।

নিৰাপত্তাৰক্ষীৰ বেষ্টনী আৰু তালাচী অভিযানত কুলগামৰ চিম্মাৰ গাঁৱত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাচতেই সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ মাজত গুলীয়াগুলী হয়। উল্লেখ্য যে, জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত বিগত দিন ধৰি সংঘৰ্ষ অব্যাহত আছে।

DA News PlusDeathJanmu&KashmirTerrorist
Comments (0)
Add Comment