আই এছ এছ এফ বিশ্বকাপত স্বৰ্ণ পদক অৰ্জন ভাৰতীয় শ্বুটাৰ ৰাহি চাৰ্নোবাটৰ

ডিজিটেল ডেস্কঃ দেশবাসীলৈ সন্মান কঢ়িয়াই আনিলে ভাৰতীয় শ্বুটাৰ ৰাহি চাৰ্নোবাটে। ক্ৰোৱেছিয়াৰ অচিজেকত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত এই সন্মান বুটলিবলৈ সক্ষম হয় ৰাহিয়ে। সোমবাৰে আই এছ এছ এফ বিশ্বকাপত মহিলাৰ ২৫ এম পিষ্টল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে ভাৰতীয় শ্বুটাৰ ৰাহিয়ে। ৰাহিৰ প্ৰতিদ্বন্দ্বী কিশোৰ সংবেদন মনু ভাকাৰে একেটা ইভেণ্টতে সপ্তম স্থান লাভ কৰে।

এছ এছ এফ বিশ্বকাপত চাৰ্নোবাটৰ স্বৰ্ণ অৰ্জন ভাৰতৰ বাবে প্ৰথম সন্মান। দেওবাৰে ২৯৫ স্ক’ৰ অৰ্জন কৰাৰ পাচত ৰাহিয়ে সোমবাৰে পূৰ্বৰ অভিলেখ ভংগ কৰি ২৯৬ স্ক’ৰ অৰ্জন কৰে। ইফালে, ফ্ৰান্সৰ মাথিল্ডে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। মাথিল্ডে ফাইনেলত ৩১ স্ক’ৰ কৰে। পৰৱৰ্তী সময়ত অলিম্পিকলৈ যোৱাৰ সপোন পুহি ৰাখিছে ৰাহিয়ে। ৰাহিৰ এই কৃতিত্বত সকলো গৌৰান্বিত।

DA News PlusIndian ShooterISSF WorldcupSports
Comments (0)
Add Comment