যোগী আদিত্যনাথৰে প্ৰধানমন্ত্ৰী মোডীৰ অযোধ্যাৰ উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা বৈঠক

ডিজিটেল ডেস্ক, নতুন দিল্লী: শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অযোধ্যাৰ উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত আদিত্যনাথে অযোধ্যাৰ পথ উন্নীতকৰণ, আন্তঃগাঁথনি, ৰে’ল ষ্টেচন আৰু বিমানবন্দৰকে ধৰি অযোধ্যাৰ উন্নয়নৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে।

অযোধ্যাত এক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰখনে কেন্দ্ৰক এক প্ৰস্তাৱ আগবঢ়াইছিল আৰু এই প্ৰস্তাৱক কেন্দ্ৰই ফেব্ৰুৱাৰী মাহত অনুমোদন জনাইছে বুলি জনায় যোগী আদিত্যনাথে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক প্ৰায় ১,০০০ কোটি আৱণ্টন কৰিছে।

উল্লেখ্য যে, চলিত মাহত এয়া যোগী আদিত্যনাথ আৰু মোডীৰ দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে আদিত্যনাথে তেওঁৰ ৰাজ্যত দলীয় মতবিৰোধ সন্দৰ্ভত মোডী, অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।

DA News PlusPM ModiUP CMVertual MeetingYogi Adityanath
Comments (0)
Add Comment