পুনৰ মধ্য প্ৰদেশত ডেল্টা প্লাছৰ সংক্ৰমণত দ্বিতীয়টো মৃত্যু

ডিজিটেল ডেস্ক: পুনৰ মধ্য প্ৰদেশত মহামাৰী ক’ৰোনাৰ ডেল্টা প্লাছৰ সংক্ৰমণত মৃত্যু আন এজনৰ। ৰাজ্যখনত এতিয়ালৈ সাতজন লোক ডেল্টা প্লাছত সংক্ৰমিত হৈছে। ইয়াৰে ভিতৰত তিনিজন ভূপালৰ, দুজন উজ্জয়িনীৰ আৰু দুজন অশোক নগৰৰ বুলি জানিব পৰা গৈছে।

বিগত মাহত আটাইকেইজনৰ দেহত ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছিল। নিহত দুজন লোকে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰা নাছিল। অৱশ্যে চাৰিজনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

লগতে চাৰিজন ব্যক্তিয়েও ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। বুধবাৰে নিহত হোৱা মহিলাগৰাকীয়ে ভেকচিনৰ এটাও পালি গ্ৰহণ কৰা নাছিল। যাৰফলত হয়তো প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে ৰাজ্য চৰকাৰখনে সকলো লোককে ভেকচিন ল’বলৈ অনুৰোধ জনায়।

DA News PlusDeath CaseDelta Plus VeriantMadhya Pradesh
Comments (0)
Add Comment