দেশত হ্ৰাস পাইছে ক’ৰোনাৰ সংক্ৰমণঃ ২৪ ঘন্টাত দেশত নতুনকৈ ৬০,৭৫৩ গৰাকী মহামাৰীত আক্ৰান্ত

দেশত হ্ৰাস পাইছে ক’ৰোনাৰ সংক্ৰমণ। পূৰ্বৰ তুলনাত বহু পৰিমাণে হ্ৰাস পাইছে মহামাৰীৰ সংক্ৰমণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৬০,৭৫৩ গৰাকী মহামাৰীৰ কবলত পৰে। বিপৰীতে ১,৬৪৭ জনে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায়।

ইফালে, যোৱা ২৪ ঘন্টাত দেশত ৯৭,৭৪৩ গৰাকী লোকে ক’ভিডমুক্ত হৈ গৰলৈ উভতে। দেশত বৰ্তমানলৈ মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্য়া ২,৯৮,২৩,৫৪৬ জনলৈ বৃদ্ধি পায়। আনহাতে, সুখজনক কথাটো হ’ল যে যোৱা ২৪ ঘন্টাত ২,৮৬,৭৮,৩৯০ জনে আৰোগ্য হৈ ঘৰলৈ উভতে।

অতি আশ্বৰ্যকৰ বিষয়টো এয়ে যে অহা ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতত প্ৰৱেশ কৰাটো অনিবাৰ্য বুলি জনায় এইমছৰ মুৰব্বী ড০ ৰণদ্বীপ গুলেৰিয়াই।

CovidDA News PlusIndiaNew Case in India
Comments (0)
Add Comment