দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্ক, ১৬ জুন: বুধবাৰে পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। তৈল বিপনন কোম্পানীৰ অধিসূচনা অনুসৰি, বুধবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ পইচাকৈ বৃদ্ধি পাইছে।

সমান্তৰালকৈ দিল্লী আৰু মুম্বাইতো বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৬৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৭.৪১ টকালৈ বৃদ্ধি পাইছে।

আনহাতে মুম্বাইত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০২.৮২ টা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৪.৮৪ টকালৈ বৃদ্ধি হৈছে।

DA News PlusDiesel priceFuel pricePetrol Priceprice hike
Comments (0)
Add Comment