সুশান্তৰ মৃত্যু বাৰ্ষিকীত ভিন্ন অনুৰাগীৰ লগতে অংকিতাৰো স্মৰণ

আজি সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী। আজিৰ এই দিনটোত সমগ্ৰ বলীউড জগতৰ লগতে অনুৰাগীসকলেও তেওঁক স্মৰণ কৰিছে। প্ৰেমিকা অংকিতা লোখণ্ডেও সুশান্তৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনায়।

সুশান্তৰ আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনা জনোৱাৰ কিছু দৃশ্য অংকিতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সম্প্ৰতি এই দৃশ্য ব্যাপক ৰূপত ভাইৰেল হৈ পৰে। জি টিভিযোগে সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘পৱিত্ৰ ৰিষ্টা’ৰ যোগেদি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। উল্লেখ্য যে, বিগত বৰ্ষৰ ১৪ জুনৰ দিনটোত মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজ গৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ।

DA News PlusDeath AnniversarySSRSushant Singh Rajput
Comments (0)
Add Comment