সোমবাৰৰ পৰা দিল্লীত আৰম্ভ আনলক প্ৰক্ৰিয়া!

ডিজিটেল ডেস্ক, ১৩ জুন: দিল্লীৰ শেহতীয়া ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা কৰা হৈছে। দিল্লী চৰকাৰৰ নতুন এচ অ পি অনুসৰি, পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব। ইয়াৰোপৰি, বজাৰ-সমাৰ আৰু শ্বপিং মলৰ বাবে যুগ্ম-অযুগ্মৰ ব্যৱস্থাও প্ৰত্যাহাৰ কৰা হৈছে। প্ৰথমে এসপ্তাহৰ বাবে এই আনলক প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হ’ব। যদিহে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পায় তেন্তে পুনৰ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হ’ব বুলি ৰাজধানী দিল্লী চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চেলুন আৰু ৰেষ্টোৰা সমূহো খুলিব পাৰিব। অৱশ্যে আসনৰ ক্ষেত্ৰত ৫০ শতাংশৰ হে অনুমতি দিয়া হৈছে। আনহাতে, সপ্তাহিক বজাৰসমূহো খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। লগতে ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰতো অনুমতি দিয়া হৈছে যদিও কোনো দৰ্শনাৰ্থীক সমাগম কৰিবলৈ দিয়া নহ’ব বুলি নতুন গাইডলাইনত উল্লেখ কৰা হৈছে। ইফালে, বিদ্যালয়-মহাবিদ্যালয়সমূহ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হৈছে।

Arvind KejriwalDA News PlusDelhiUnlock
Comments (0)
Add Comment