সুৰ সলনি যোগগুৰু ৰামদেৱৰ, চিকিৎসকক সাক্ষাৎ ভগবান আখ্যা

ডিজিটেল ডেস্ক, ১১ জুন: হঠাৎ সুৰ সলনি যোগগুৰু ৰামদেৱৰ। ২৪ ঘন্টাই ৰোগীৰ সেৱাত ব্ৰতী থকা চিকিৎসকক সাক্ষাৎ ভগবান আখ্যা। পূৰ্বে এলপেথি চিকিৎসা আৰু চিকিৎসকসকলক চূড়ান্ত অপমান কৰিছিল ৰামদেৱে। ইয়াৰোপৰি, দৈনিক যোগ কৰাৰ বাবে ক’ভিড ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই বুলিও দম্ভালি মাৰিছিল যোগগুৰু ৰামদেৱে।

দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ জুনৰ পৰা দেশৰ সকলো লোককে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰাক প্ৰশংসা কৰে আৰু সকলো লোককে ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ৰামদেৱেও অনতি পলমে ভেকচিন গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

Covid VaccineDA News PlusRamdevYogguru
Comments (0)
Add Comment