আজি সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে বিয়লি ৫ বজাত দেশবাসীকে সম্বোধন কৰিব। ক’ভিডৰ সংহাৰৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ক’ৰোনাই সৃষ্টি কৰা এই বিপদজনক পৰিস্থিতিৰ সম্পৰ্কে দেশখনক তথা দেশৰ সকলো স্তৰৰে জনতাক প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন তথ্য সদৰি কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে বিভিন্ন লোক। একেদৰে কেইবা কোটি লোকক প্ৰদান কৰা হৈছে ভেকচিন। দেশবাসীক সম্বোধন কৰি ভেকচিন প্ৰদান তথা ক’ভিডৰ বৰ্তমান স্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু নতুন খবৰ দিব পাৰে। লকডাউন তথা সান্ধ্য আইনৰ ক্ষেত্ৰত পূৰ্বতকৈ কঠোৰ নীতি গ্ৰহণ কৰিব নেকি চৰকাৰে সেই সম্পৰ্কেও প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰি কৰাৰ সম্ভাৱনা আছে।

DA News PlusNarendra ModiPrime Minister
Comments (0)
Add Comment