কালিৰ দিনটোত দেশত আক্ৰান্ত ৩,২৬,০৯৮ গৰাকী

নতুন দিল্লী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,২৬,০৯৮। শুকুৰবাৰে দেশত ৩,৮৯০ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৫৩,২৯৯ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৪৩,৭২,৯০৭ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২,০৪,৩২,৮৯৮গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৬৬,২০৭গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৬,৭৩,৮০২ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment