দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি

গুৱাহাটী: দেশত ৰোধ হোৱা নাই ক’ৰোনাৰ সংক্ৰমণ। ৰাজ্যতো বিভিন্ন ঠাইত ক’ৰোনাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ তিনিচুকীয়াত বৃহস্পতিবাৰে ১৪০গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা৷ লখিমপুৰত একেদিনাই ক’ৰোনাত আক্ৰান্ত হয় ১১৪গৰাকী৷ বৰ্তমানলৈ লক্ষিমপুৰত ক’ভিডত মৃত্যু ঘটিছে ১০গৰাকী লোকৰ৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৮৬৯গৰাকীলৈ৷ জিলাখনৰ নাৰায়ণপুৰত শিশুসহ আক্ৰান্ত হয় ১৬গৰাকী লোক৷

ধুবুৰীত বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত হয় ৯৮গৰাকী লোক৷ জিলাখনত এতিয়ালৈ মুঠ আক্ৰান্তৰ সংখ্যা ৮২৩৷ ইয়াৰে ১৩৭গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে ৭গৰাকীৰ৷ বৰ্তমানলৈ চিকিৎসাধীন ৬৭৯গৰাকী ক’ৰোনা আক্ৰান্ত৷

শোণিতপুৰৰ গহপুৰতো দ্ৰুত সংক্ৰমণ ঘটিছে ক’ৰোনাৰ৷ বৃহস্পতিবাৰে তিনিজন লোক পজিটিভ হোৱাৰ লগতে ব্ৰহ্মাজানৰ এগৰাকী মহিলাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে তেজপুৰত৷ গহপুৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১১১লৈ৷ আনহাতে মৰাণত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ৷ বৰ্তমানলৈকে মৰাণত ৭গৰাকী লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷

Comments (0)
Add Comment