বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৫৭,২২৯

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৫৭,২২৯। কালিৰ দিনটোত ৩,৪৪৯গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,২০,২৮৯গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ২,০২,৮২,৮৩৩গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৬৬,১৩,২৯২ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,২২,৪০৮ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৪,৪৭,১৩৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment