ভাৰতে লাভ কৰিলে ১,৫০,০০০ ড’জ ‘স্পুটনিক-ভি’ ভেকচিন

হায়দৰাবাদ: ভাৰতত উপস্থিত হ’ল ৰাছিয়াৰ ক’ভিড-১৯ ভেকচিন ‘স্পুটনিক-ভি’ কঢ়িয়াই অনা বিমান। শনিবাৰে নিশা হায়দৰাবাদ বিমান বন্দৰত ১,৫০,০০০ ড’জ ‘স্পুটনিক-ভি’ ভেকচিন লৈ উপস্থিত হয় ৰাছিয়ান বিমান। ৰাছিয়াৰ সৈতে ভাৰতৰে হোৱা এক আলোচনাৰ পিছত ৰাছিয়াত নিৰ্মিত এই ভেকচিনবিধক দেশত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ভাৰত চৰকাৰে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস প্ৰদান কৰিছে৷

Comments (0)
Add Comment