ভোপালত অট’ৰিক্সাক এম্বুলেঞ্চলৈ পৰিৱৰ্তন

ভোপাল: ভাৰতত ক’ৰোনা মহামাৰীৰ দ্বিতীয় ৱেভ। দেশৰ ভিন্ন প্ৰান্তত অক্সিজেন, এম্বুলেঞ্চৰ অভাৱত বহু লোকৰ মৃত্যু হৈছে। এনে সময়তে মধ্য প্ৰদেশৰ ভোপালত এজন যুৱকে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ অ’টোখনতে সাজিছে এম্বুলেঞ্চ। এই এম্বুলেঞ্চেৰে তেওঁ ৰোগীক বিনামূলীয়া সেৱা আগবঢ়াই আহিছে। এই ব্যক্তিগৰাকীৰ নাম জাভেদ। জাভেদৰ ভাষ্য,’মই ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলসমূহত দেখি আছিলোঁ,এম্বুলেঞ্চৰ অভাৱত মানুহৰ কি পৰিস্থিতি হৈছে। সেয়েহে মই এনেকুৱা পদক্ষেপ লৈছোঁ’।

Comments (0)
Add Comment