পশ্চিমবংগত আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন

গুৱাহাটী: আজি পশ্চিমবংগত অনুষ্ঠিত হৈছে অষ্টম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনৰ ৪খন জিলাৰ মুঠ ৩৫টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ১১,৪৬০টা ভোটকেন্দ্ৰত ভাগ্য নিৰ্ণয় হ’ব ২৮৩ গৰাকী প্ৰাৰ্থীৰ। ২৮৩ গৰাকীৰ ভিতৰত ২৪৮ পুৰুষ আৰু ৩৫ গৰাকী মহিলা প্ৰাৰ্থী। আজি প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ৮৪.৭৭ লাখ ভোটাৰে।

Comments (0)
Add Comment