অসমসহ আন ৪ ৰাজ্যত আজি ভোটগ্ৰহণ

গুৱাহাটী: অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পডুচেৰীত আজি ভোটগ্ৰহণ। পশ্চিমবংগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৩১টা সমষ্টিত, তামিলনাডুত ২৩৪টা সমষ্টিত আনহাতে পুডুচেৰীত ৩০ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে তামিলনাডু, কেৰালা আৰু পডুচেৰীত এটা পৰ্যায়তে সমাপ্ত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৫ ৰাজ্যৰ সৰ্বমুঠ ৪৭৫টা সমষ্ঠটত ৫,৮৫৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত।

Comments (0)
Add Comment