বৰ্তমান কাৰ লগত ব্যস্ত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা ? কোনগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্ক সিদ্ধাৰ্থৰ ?

শেহতীয়াকৈ চৰ্চালৈ আহিছে বলীউডৰ তাৰকা সিদ্ধাৰ্থ মালহোত্ৰাৰ প্ৰেমৰ বিষয়। শুনিবলৈ পোৱা গৈছে অভিনেত্ৰী কিয়াৰা আদৱানী সৈতে সময় অতিবাহিত কৰিছে অভিনেতাগৰাকীয়ে। যদিও এইপৰ্যন্ত দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে অফিচিয়েলী ঘোষণা কৰা নাই।

অনুমান কৰা হৈছে আগন্তুক ছবি ‘শ্বেৰশ্বাহ’ত অভিনয় কৰা কলা-কুশলীসকল অফ স্ক্ৰীনটো ইজনে সিজনৰ সৈতে যোগাযোগত আছে। ফ্লিম ফেয়াৰৰ মঞ্চত কিয়াৰা আদৱানীৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত অভিনেত্ৰীগৰাকী আৰু সিদ্ধাৰ্থৰ মাজত কি হৈ আছে সেই বিষয়ে প্ৰশ্ন সোধা হৈছিল।

কিন্তু কিয়াৰাই এই বিষয়ে কোনো ধৰণৰ মন্তব্য দিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। ইফালে কাৰ্গিল যুদ্ধৰ নায়ক বিক্ৰম বাট্ৰাৰ জীৱনীমূলক ছবি ‘শ্বেৰশ্বাহে’ ২ জুলাইত মুক্তি লাভ কৰিব।

Comments (0)
Add Comment