মুখ খুলিয়েই বিপদত মোহন ভাগৱত

ডিজিটেল ডেস্কঃ মন্দিৰ-মছজিদৰ প্ৰসংগত মন্তব্য দিবলৈ গৈ বিপদত পৰিছে RSS প্ৰধান মোহন ভাগৱত। ধৰ্মীয় বিষয়ত মন্তব্য ধৰ্মীয় নেতাই কৰক RSSএ নহয় বুলি কঠোৰ সমালোচনা কৰিছে অখিল ভাৰতীয় সন্ত সমিতিয়ে। ধৰ্মীয় বিষয়ত কি কব লাগে, কি কব নালাগে সেয়া ধৰ্মীয় গুৰুৱেহে সিদ্ধান্ত লব লাগে বুলি মোহন ভাগৱতক সমালোচনা। ধৰ্মীয় অনুষ্ঠানে সদায়ে ৰাজনৈতিক চিন্তাৰ সলনি সামাজিক তথা ৰাইজৰ কথা আগত ৰাখিহে কাম কৰে বুলি মন্তব্য অখিল ভাৰতীয় সন্ত সমিতিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সৰস্বতীৰ। একেদৰে মোহন ভাগৱতক উভতি ধৰি সংঘই ধৰ্মীয় বিষয়সমূহত মন্তব্য কৰিবলৈ আধ্যাত্মিক বিষয়ৰ সৈতে জড়িত লোকসকলকহে দিব লাগে বুলি সমালোচনা কৰিছে।

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ পৰাই একাংশ লোকে নিজকে হিন্দুৰ নেতা বুলি ভাবিবলৈ লৈছে বুলি মন্তব্য কৰিছিল। তাৰ পিছতে সমগ্ৰ দেশতে এই প্ৰসংগত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ বাবে এনেদৰে RSS প্ৰধান গৰাকীক সকলোৱে উভতি ধৰিছে। পুনেৰ এটা বিশেষ অনুষ্ঠানত অংশ লৈ মোহন ভাগৱতে সকলোকে একেলগে লৈ সন্মিলিত সমাজ ব্যৱস্থাৰ কথা কৈছিল।

ভাৰতত আমি সকলোৱে একেলগে থাকিব পাৰো বুলি দেখুৱাব লাগে বুলিও মন্তব্য কৰিছিল মোহন ভাগৱতে। লগতে একাংশ লোকে মছজিদত ছাৰ্ভে কৰি মন্দিৰ বিচাৰি আদালতলৈ যোৱা বুলিও কৈছিল RSS প্ৰধানগৰাকীয়ে। অৱশ্যে এই মন্তব্য কৰা সময়ত কোনো লোকৰ নাম তেখেতে লোৱা নাছিল। লগতে মোহন ভাগৱতে কৈছিল, ‘এতিয়া দেশ সংবিধানৰ মতে চলে। এই ব্যৱস্থা ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰে। তেওঁলোকে চৰকাৰ চলায়। আধিপত্যৰ ওপৰত নিৰ্ভৰ কৰি চলা দিনবোৰ গ’ল।’

AssamDA News Plus
Comments (0)
Add Comment