অসম চৰকাৰৰ সিদ্ধান্ত, এতিয়াৰে পৰা উদণ্ড বাইক চালকক ভৰোৱা হ’ব জে’লত

ডিজিটেল সংবাদ, গুৱাহাটীঃ উদণ্ড বাইক চালকক শান্ত কৰিবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘন্টাত ১০০ৰ পৰা ১২০ৰ অধিক গতিবেগত বাইক চলোৱা যুৱকক ভৰোৱা হ’ব জে’লত। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা। যিসকল যুৱকে দ্ৰুতবেগত বাহন চলাই তেনে যুৱকক ভৰোৱা হ’ব জেলত।

ৰাজ্যত শেহতীয়াকৈ একাংশ যুৱকে অধিক গতিত বাহন চলোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা খবৰৰ পাছতে এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে। সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা।

বাইক চালকৰ অতপালিৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। কেৱল বাইক চালকেই নহয়, দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে সাধাৰণ লোকেও। তাৰ পাছতেই এনেদৰে নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। SOP জাৰি কৰিলে সেই SOP চাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ। SP, OC, DC সকলোৱে ভালদৰে চাব লাগিব নিৰ্দেশনা। পিকনিকৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে OCৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। একেলগে নিৰ্দেশনা লাভৰ লগে লগে সহাৰিও দিব লাগিব সংশ্লিষ্ট বিষয়াই।

#DA_News_PlusAssamDA News PlusDA_News_PlusDaNewsPlusHimanta Biswa SarmaIndia
Comments (0)
Add Comment