অসমৰ ৰাজ্যপালক সাক্ষাৎ বন্ধন বেংকৰ এটা প্ৰতিনিধি দলৰ

ডিজিটেল ডেস্কঃ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক গুৱাহাটীৰ ৰাজভৱনত সাক্ষাৎ কৰে বন্ধন বেংকৰ এটা প্ৰতিনিধি দলে ৷ সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত আছিল বন্ধন বেংক অসমৰ আঞ্চলিক পৰিচালক প্ৰসেনজিৎ লাল, ক্লাষ্টাৰ হেড অভয় কুমাৰৰ লগতে ফাঁচীবজাৰ শাখাৰ শাখা পৰিচালক।

সাক্ষাতকালত অসমত বন্ধন বেংকৰ শাখা, বন্ধন বেংকে প্ৰদান কৰা সুযোগ সুবিধা তথা নাৰী সৱলীকৰণৰ ওপৰত বন্ধন বেংকে লোৱা পদক্ষেপৰ বিষয়ে ৰাজ্যপালক বিতংভাৱে জনোৱাৰ লগতে বন্ধন বেংকে উন্নয়নমূলক আচঁনিৰ জৰিয়তে অসমৰ ৬ লাখতকৈও অধিক হিতাধিকাৰীক সহায় কৰাৰ কথা ৰাজ্যপালক অৱগত কৰে ৷


Bandhan bankDA News Plus
Comments (0)
Add Comment