গোলাঘাটৰ বৰজানত বাল্যবিবাহ, শিশু শ্ৰম আৰু শিশু সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

ডিজিটেল ডেস্কঃ গোলাঘাট জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত বৰজান চাহ বাগিচাত বাল্যবিবাহ, শিশু শ্ৰম আৰু শিশু সুৰক্ষা সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। চাহ বাগিচা আধুষিত অঞ্চলৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰী সকলৰ মাজত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ লগতে শিশুৰ অধিকাৰ আৰু শিশু সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ পৰা সুৰক্ষিত ৰাখিবলৈ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে।

বিশিষ্ট চিকিৎসক ডাঃ অনন্ত বৰুৱাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত জিলা শিশু সুৰক্ষা বিষয়া উমে কুসুম ৰহমান আৰু জিলা শিশুসুৰক্ষা কাৰ্যালয়ৰ সমাজ কৰ্মী প্ৰণামী দত্ত শইকীয়াই বাল্য বিবাহ প্ৰতিৰোধ আইন, শিশু শ্ৰমিক নিবাৰণী আইন সম্পৰ্কে বিস্তৃভাৱে বাখ্যা কৰে।

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰিবলৈ গ্ৰহণ কৰিব পৰা ব্যৱস্থা সম্পৰ্কেও উপস্থিত ছাত্ৰী সকলৰ সৈতে আলোচনা কৰে।সভাখনত বৰজান চাহ বাগিচাৰ পৰিচালক উত্তম নেওগ,বাগিচা সমাজ কল্যান বিষয়া প্ৰিয়াক্ষী শৰ্মা, বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মৃগাংক শেখৰ কোঁৱৰ উপস্থিত থাকি শিশুৰ অধিকাৰ আৰু আইনী ব্যৱস্থা সম্পৰ্কে বক্তব্য আগবঢ়াই।

অনুষ্ঠানটোত বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰীৰ লগতে, বাগিচা খনৰ বহু সংখ্যক মহিলা আৰু কেইগৰাকী চিকিৎসা কৰ্মী উপস্থিত থাকে।

DA News PlusGolaghat
Comments (0)
Add Comment