অসমীয়া চিনেমা জগতলৈ আন এক সুখবৰ

ডিজিটেল ডেস্কঃ পুনৰ এটা ভাল খবৰ আহিছে অসমীয়া চিনেমা জগতলৈ। পুনৰ এখন অসমীয়া ছবি উজলি উঠিল বিশ্ব পৰ্যায়ত। ‘চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ’ত জিলিকিবলৈ সক্ষম হৈছে এখন বিশেষ অসমীয়া ছবি। এই মহোৎসৱত প্ৰদৰ্শিত হ’ব মুক্তি পাবলগীয়া এখন অসমীয়া চিনেমাই।

উক্ত মহোৎসৱৰ বাবে নিৰ্বাচিত ছবিখনৰ নাম- সত্য দ্যা ট্ৰুথ। ২০২৩ চনৰ ২৪ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব এই ছবিখন। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰ (বাবা)। তিলোত্তোমা তালুকদাৰে চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ সামগ্ৰিক পৰিকল্পনা চন্দন তালুকদাৰৰ।

ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰিছে উৎপল দাসে। ছবিখনৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাৰ। সত্য দ্যা ট্ৰুথৰ সম্পাদনা সঞ্জীৱ বৰঠাকুৰ,চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়া,শব্দ সংযোজন আৰু সংমিশ্ৰণ অমৃত প্ৰীতমৰ।

উৎপল উপমান্যৰ কাহিনীৰে ছবিখনৰ চিত্ৰনাট্য লিখিছে চন্দন তালুকদাৰ,ছবিখনত থকা গীতসমূহৰ গীতিকাৰ প্ৰশান্ত বৰদলৈ আৰু তৰালি শৰ্মাৰ।

AssameseCinemaDA News Plus
Comments (0)
Add Comment