আমেৰিকাত ৰাজহুৱা স্থানত বন্দুকধাৰীৰ গুলীচালনা, নিহত ১০জন লোক

ডিজিটেল ডেস্কঃ এইবাৰ আমেৰিকাত ডান্স ক্লাবত বন্দুকধাৰীৰ গুলীচালনা৷ প্ৰাণ হেৰুৱালে ১০জন লোকে৷ আহত হ’ল ভালেসংখ্যক৷ এই ঘটনাৰ পিছত গুলীয়াই আত্মহত্যা কৰিলে আক্ৰমণকাৰীয়ে৷ কেলিফ’ৰ্নিয়া প্ৰদেশৰ মণ্টেৰীপাৰ্ক চহৰত ঘটিল এই ঘটনা৷

চীনা নৱবৰ্ষ উদযাপনৰ এটা অনুষ্ঠানত গুলীচালনা কৰিলে ৭২ বছৰীয়া এজন লোকে৷ এই অনুষ্ঠানত উপস্থিতত আছিল শ শ লোক৷ তেতিয়াই ঘটিল এই অঘটন৷ কিয় বৃদ্ধজনে গুলীচালনা কৰিলে সেই লৈ এতিয়া অনুসন্ধান চলাই আছে আৰক্ষীয়ে৷

AmericaDA News PlusFiring
Comments (0)
Add Comment