বিহুৰ আনন্দৰ মাজতেই বেয়া খবৰটি আহিল মৰাণ নগৰৰ এটি পৰিয়াললৈ….

ডিজিটেল ডেস্ক: সমগ্ৰ ৰাজ্যবাসী উৰুকাৰ ভোজ-ভাত আয়োজনত মচগুল হৈ থকাৰ সময়তে যোৱানিশা মৰাণত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত থিতাতে এজন লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত খবৰ অনুসৰি, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰত সংঘটিত এই পথ দুৰ্ঘটনাত নিহত ব্যক্তিজন বিষ্ণুপুৰৰ জোন শৰ্মা (৪৫)৷

জানিব পৰা অনুসৰি আনদিনাৰ দৰে জোন শৰ্মাই মৰাণ নগৰত থকা দোকান বন্ধ কৰি বিষ্ণুপুৰত থকা ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাতে একেদিশত গৈ থকা AS 06 F 4813 নম্বৰৰ মটৰ চাইকেলখনে মহতিয়াই নিয়ে ৷দুৰ্ঘটনা সংঘটিত কৰিয়েই মটৰচাইকেলখনৰ চালক মৰাণ খুমটাইৰ প্ৰাঞ্জল শৰ্মা ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

আনহাতে একে সময়তে বিপৰীত দিশৰ পৰা অহা AS 06 F 9766 নম্বৰৰ আন এখন মটৰচাইকেলে জোন শৰ্মাক খুন্দিয়াই বাগৰি পৰে ৷ এই ঘটনাত জোন শৰ্মাৰ লগতে মটৰ চাইকেলখনৰ চালক খুমটাইৰ অবিনাশ তাঁতী (23) গুৰুতৰভাৱে আহত হয় ৷

দুয়োজনকে ততাতৈয়াকৈ মৰাণ তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হয় যদিও জোন শৰ্মাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ৷ আনহাতে গুৰুতৰভাৱে আহত অবিনাশ তাঁতীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCH- লৈ প্ৰেৰণ কৰা হয়৷

Comments (0)
Add Comment