ৰাজ্যৰ বিভিন্ন ঠাইত উদযাপন বিবেকানন্দৰ জন্মজয়ন্তী

ডিজিটেল ডেস্কঃ স্বামী বিবেকানন্দ জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত মাৰাথান দৌৰ৷ মৰিগাঁৱৰ জাগীৰোডত পুৱা অনুষ্ঠিত হ’ল হাফ মাৰাথান৷ জাগীৰোডৰ বিবেকানন্দ ক্লাৱৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এই দৌৰৰ৷ এই দৌৰত গুৱাহাটীৰ দিনেশ কুমাৰে প্ৰথম, বিজয় ডেকাই দ্বিতীয় আৰু ঘগুৱাৰ সূৰ্য দাসে তৃতীয় স্থান লাভ কৰে৷

তিনিচুকীয়াৰ শদিয়াতো অনুষ্ঠিত হ’ল হাফ মাৰাথান৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জিলাখনৰ ৪৯গৰাকী প্ৰতোযোগিয়ে৷ শিৱসাগৰতো একেদৰে অনুষ্ঠিত হ’ল মাৰাথান দৌৰ৷ এই দৌৰত অংশগ্ৰহণ কৰে ৩০০ প্ৰতিযোগীয়ে৷

DA News PlusSwami Vivekananda
Comments (0)
Add Comment