সন্মুখত ভোগৰ ভোগালী…প্ৰান্তে-প্ৰান্তে ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

ডিজিটেল ডেস্কঃ ভোগালী মানেই ভোগৰ উৎসৱ, ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
সমান্তৰালকৈ কামৰূপৰ নগৰবেৰাতো ভোগালীক লৈ দেখা গৈছে জীয়ৰী-বোৱাৰীৰৰ তৎপৰতা।নগৰবেৰাত জীয়ৰী-বোৱাৰীয়ে ব্যস্ত ঢেঁকীশালত। বছৰজোৰা শ্ৰমৰ অন্তত বছৰৰ এইখিনি সময় চহাৰ ক্ষণিক বিশ্ৰামৰ সময় । বিশ্ৰামৰ এই মূহুৰ্তত সকলোৱে একেলগহৈ খোৱা এটি সাজেই গঞাৰ আত্মীয়তা আৰু অধিক গাঢ় কৰি তোলে। সেয়ে সমাগত ভোগালীক আদৰিবলৈ এতিয়া উজনি নামনি সৰ্বত্ৰে উচাহৰ ঢল বৈছে। পথাৰে পথাৰে ডেকাসকলে সাজিবলৈ আৰম্ভ কৰিছে ভেলাঘৰ। এই ভেলাঘৰতেই প্ৰাণ পাই উঠিছে চহা অসমীয়াৰ সাংস্কৃতিক মন। ভোগালীক আদৰাৰ এই উথপথপৰ মাজত পিছপৰি ৰোৱা নাই বইটামাৰী তালগুৰীৰ গঞাও। ভেলাঘৰত অভিনৱত্ব অনাৰ বাবে তালগুৰীৰ ডেকা সকলে মহাকাব্যৰ চৰিত্ৰৰ লগতে বাছি লৈছে অঞ্চলটোৰ পৰম্পৰাগত সম্ভাৰ। তালগুৰীৰ ভোগালীৰ বাকৰিত। ডেকা সকলে সজা ভেলাঘৰত নিপুন প্ৰাণ পাই উঠিব মহাভাৰতত আটাইটকৈ অধিক চৰ্চিত চৰিত্ৰ ভীষ্মৰ শৰশয্যাৰ দৃশ্য।

পুৰণি গোৱালপাৰা জিলাত ভোগালী বিহুত বহুল প্ৰচলিত সৰঞ্জাম বিধ হল উৰাল- গাইন। বিহুৰ।পিঠা – পনাৰ গুৰি, চিৰা সান্দহ সকলো বোৰতেই উৰাল – গাইন নহলে নচলেই। উৰাল- গাইনৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটি ভেলাঘৰ উৰাল – গাইনৰ আকৃতিত সাজি উলিয়াবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজে।
ৰাইজে জানোৱা মতে, তালগুৰীৰ এইবাৰৰ ভোগালীত বোৱাৰী, গাভৰু আৰু কণ কণ মইনাসকলৰ নৃত্য হব অন্যতম আকৰ্ষণ।
ৰাজ্যৰ সমান্তৰালভাৱে শিৱসাগৰতো একে পৰিবেশ | শিৱসাগৰ জয়াপাৰত ডেকা সকলে মিলি নিৰ্মাণ কৰিছে ভেলাঘৰ | মহিলা সকলেও সহযোগিতা আগবঢ়াইছে ডেকা সকলক | লাৰু পিঠা বনাই বিহু নাম জুৰি আনন্দত মতলীয়া জয়পাৰৰ ৰাইজ ৷

AssamDA News Plus
Comments (0)
Add Comment