সুস্থ ছালৰ যত্নৰ বিষয়ে কিছু জানিবলগীয়া কথা…
ছালে আমাৰ দেহৰ উষ্ণতাৰ সমতা ৰক্ষা কৰি আমাৰ শৰীৰটোক ৰক্ষা কৰে৷ এখন নিৰোগী ছাল সদায় সকলোৰে বাবে আকৰ্ষণীয় আৰু সৌন্দৰ্য্যৰ প্ৰতীক৷ বিভিন্ন স্বাস্থ্যকৰ খাদ্য আৰু যত্নৰ দ্বাৰা মানুহ এখন সুস্থ ছালৰ গৰাকী হৈ থাকিব পাৰে৷
শীতৰ সময়চোৱাত ছালৰ বিভিন্ন সমস্যাই আমাক ব্যতিব্যস্ত কৰি তোলে আৰু সেয়ে এই সময়চোৱাত আমাৰ শুকান ছালখন নিমজ আৰু আকৰ্ষণীয় কৰি ৰাখিবলৈ আমি যত্নপৰ হ’ব লাগে৷ ছালৰ সকলো ধৰণৰ সমস্যা বনৌষধিৰ দ্বাৰা কেনেকৈ সমাধান কৰিব পাৰি!
১/শীত কালত ছাল নিমজ কৰি ৰাখিবলৈ আমলখি,শিলিখা ,টেঙা জাতীয় ফলমূল আদি খাদ্যপ্ৰাণ ‘গ’ যুক্ত খাদ্য বেছিকৈ খাব লাগে আনহাতে গোলনেমুৰ ৰস ছালত সানিব লাগে৷
২/ছালখন সুন্দৰ আৰু চিকচিকিয়া কৰি ৰাখিবৰ বাবে দৈ একচামুচ,গাখীৰ এক চামুচ,আধাচামুচ বগা চন্দনৰ গুড়া আৰু ১/৪ চামুচ হালধিৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ গালত সানিব লাগে৷
৩/ছালখন খহতা নহ’বৰ বাবে এজন ব্যক্তিয়ে দৈনিক ১০ৰ পৰা ১২গিলাছ পানী খোৱাৰ লগতে ফলৰ ৰস খোৱা প্ৰয়োজন৷ তাৰোপৰিও কেঁচা হালধিৰ ৰস গা ধোৱাৰ আধা ঘণ্টা আগতে সানি তাত মৌ ঘঁহিব লাগে৷৪/প্ৰখৰ ৰ’দত ছাল ক’লা পৰিলে ছালকুঁৱৰীৰ বিজলভাগ উলিয়াই দিনে এবাৰকৈ ছালত লগালে উপশম পোৱা যায়৷৫/ভৰিৰ গেৰোৱা ফাটিলে বৰ বা আহত গছৰ আঠা ফটা অংশত লগালে ফটা গেৰোৱা ভাল হয়৷
৬/পকা অমিতা ফেটি মুখত প্ৰায় দুই মিনিট সময় লগালে মূখৰ ক’লা দাগ নোহোৱা হয় আৰু ছাল মসৃন হয়৷
৭/ ওঁঠ ফাটিলে গাখীৰৰ ৰস লগালে ওঁঠ ফটা ভাল হয়৷ মৌজোলেও এই ক্ষেত্ৰত ভাল ফল দিয়ে৷
৮/বয়সস্থ লোকৰ ছাল শোতোৰা পৰা বা বলিৰেখা আতৰাবলৈ ভাল আলূ দুটাৰ বাকলি গুচাই মিহিকৈ পিহি তাত ৫ চামুচ গোলনেমু,কাজিনেমু বা কমলা টেঙাৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ লগালে সুফল পোৱা যায়৷
৯/পকা কল ভালকৈ ফেটি চালত লগালে চাল নিমজ হয়৷
১০/পকা বিলাহী ছালত সানিলে আৰু নিয়মিত ভাৱে খালে ছাল নিমজ হয়৷