অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বজাৰ তথ্য সূচনা কেন্দ্ৰৰ সাফল্য

ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ কৃষক সকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য আৰু বজাৰৰ সবিশেষ খবৰ দি অসম কৃষি বিশ্ববিদ্যালয়স্থ কৃষি বজাৰ তথ্য সূচনা কেন্দ্ৰই কৃষক ৰাইজক উপকৃত কৰিবলৈ সক্ষম হৈছে। বিশ্ব বেংকৰ অধীনৰ প্ৰকল্পৰ এই কেন্দ্ৰৰ অধীনত অসমৰ ১৬ খন জিলাৰ ৫৭ খন পাইকাৰী বজাৰত উপলব্ধ ২২ বিধ কৃষি সামগ্ৰীৰ মূল্য আৰু পৰিমাণ দৈনিক সংগ্ৰহ কৰা হৈ আছে আৰু এই তথ্য জিলাসমূহৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ, জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় আৰু নিৰ্বাচিত বজাৰত ব্লেক বৰ্ডত লিখি ৰাখি কৃষকক ঠাইতে তথ্য দিবলৈ সক্ষম হৈছে।

তাৰোপৰি এই তথ্যবোৰ www. amiuaau.in নামৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰি থকা হৈছে। আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰা ভইচ ৰিকগনিশ্বন চিষ্টেমৰ (VRS) জৰিয়তে এই তথ্য সমূহ কৃষক তথা ব্যৱসায়ী সকলে তেওঁলোকৰ মবাইলৰ জৰিয়তে পাব পৰাৰ ব্যৱস্থাও কৰা হৈছে। কেন্দ্ৰটোৰ কাৰ্যপ্ৰণালী সম্পৰ্কত জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়স্থ কেন্দ্ৰ টোৰ মুৰব্বী তথা বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ মুৰব্বী ড: নিবেদিতা ডেকাই কয় যে ভৱিষ্যতে, কৃষকৰ সহায় হব পৰাকৈ কৃষি সামগ্ৰীৰ মূল্য আগতীয়াকৈ বিশ্লেষণ কৰি প্ৰকাশ কৰা হব যাতে কৃষকে কেনেধৰণৰ শস্য কৰিলে তেওঁলোকে সঠিক মূল্য পাব, তাৰ আভাষ পাব পাৰে।

এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে যোৰহাট, গোলাঘাট, দৰং জিলাত শতাধিক কৃষক আৰু কৃষি উৎপাদক গোটক কৃষি বজাৰ তথ্যৰ ওপৰত সজাগতামূলক প্ৰশিক্ষণ দিয়া হৈছে। লগতে কৃষক ব্যৱসায়ী আৰু ক্ষেত্ৰ তথ্য সংগ্ৰাহকৰ মোবাইল ৱাটছ আপ গ্ৰুপৰ যোগেদিও বজাৰৰ তথ্য আদান প্ৰদান হৈ আছে। এই প্ৰকল্পৰ যোগেদি কৃষক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

Assam Agricultural UniversityDA News Plus
Comments (0)
Add Comment