অভিনয়ৰ বাবে কিমান টকা লয় শ্বাহৰুখ–দীপিকাই? শুনিলে আচৰিত হ’ব!

২০১৮ত ‘জিৰো’ত শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল কিং খানক। তাৰ চাৰি বছৰ পিছত পুনৰ ছিলভাৰ স্ক্ৰীণলৈ উভতিছে বাদশ্বাহ! ইতিমধ্যে মুক্তি পাইছে ‘পাঠান’ৰ প্ৰথম গান ‘বশৰম ৰং’ আৰু তাক লৈ এতিয়া তীব্ৰ চৰ্চা! এফালে প্ৰশংসা, আনফালে সমালোচনা। তাৰ মাজতে আলোচনাৰ বিষয় দীপিকা আৰু শ্বাহৰুখৰ পাৰিশ্ৰমিকো।

জানিব পৰা মতে, ‘পাঠান’ ছবিখনত অভিনয়ৰ বাবে দীপিকা পাডুকণে ১৫ কোটিৰো অধিক পাৰিশ্ৰমিক লৈছে। বৰ্তমান দীপিকা বলীউদৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী। আইএমডিবিৰ মতে, প্ৰতিখন ছবিৰ বাবে দীপিকাই ১৫–৩০ কোটি টকা লয়। আনহাতে, ‘পাঠান’ৰ বাবে শ্বাহৰুখ খানে যি পাৰিশ্ৰমিক পাইছে, সেয়া জানিলে চকু কপালত উঠিব। সূত্ৰৰ খবৰ অনুসৰি, এই ছবিখনৰ বাবে কিং খানে লৈছে ১০০ কোটি পাৰিশ্ৰমিক। আনহাতে, ছবিখনৰ আন এজন তাৰকা জন আব্ৰাহামে লৈছে ২০ কোটি টকা।

DA News Plus
Comments (0)
Add Comment