এই দহগৰাকী ব্যক্তিৰ সফলতাৰ কাহিনী জানিলে জীৱনত হাৰ নামানে আপুনি…

ডিজিটেল ডেস্কঃ এটা চীনা প্ৰবাদৰ মতে “পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অখ্যাত ঠাইৰ পৰা আহে “। এই কথাষাৰৰ প্ৰমাণ আগবঢ়ালো -পঢ়ি চাওক👉

১. এজন কয়দীৰ কথা । ২৭ বছৰ জেলত থকাৰ পিছত তেওঁ শান্তিৰ নোবেল বটা লাভ কৰিছিল তেখেত হল – নেলছন মেন্ডেলা
২. মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক। হাভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ। কিন্তু কম্পিউটাৰ চফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল। ৩২ বছৰ পিছত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা। তেখেতৰ নাম – বিল গেটচ

৩. আন এজন ল’ৰাৰ কথা। বাৰ বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল। ১৩ বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল। জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে। কিন্তু লিখি উলিয়াইছিল বিখ্যাত গ্ৰন্থ – “My Universities”। তেওঁৰ নাম – মেক্সিম গৰ্কি

৪. অভাৱৰ তাড়নাত কুলিৰ কাম কৰিছিল। এবাৰ বাছৰ কন্ডাক্টৰৰ কাম কৰি থাকোতে মালিকে গতিয়াই বাহিৰ কৰি দিছিল । কাৰণ ল’ৰাজন অংকত একেবাৰে কেচা আছিল। সেইজনেই আছিল পৰৱৰ্তী সময়ৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী – জন মেজৰ

৫. আন এজন ল’ৰাৰ কথা। মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোতেই দুদিন দেৰি কৰিছিল। সেইজনেই এতিয়াৰ ফুটবল কিংবদন্তী – ৰোণাল্ডো

৬. বাপেক আছিল মাছুৱৈ। পুতেকক সদায় মাছ মাৰিব যাওঁতে লগত লৈ গৈছিল। কাৰণ পুতেকে পানীৰ মাজেৰেও মাছবোৰক অতি সুন্দৰভাৱে দেখা পাইছিল। সেইজন হল ক্ৰিকেট চুপাৰষ্টাৰ – সনথ জয়সুৰিয়া

৭. পঢ়াশুনাত অতিশয় দুৰ্বল আছিল। শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত বহি থাকিছিল । কেইদিনমান কেৰাণীৰ চাকৰিও কৰিছিল । এতিয়া তেওঁৰ বিষয়ে পৃথিৱীৰ কোনে নাজানে? তেওঁৰ নাম-এলবাৰ্ট আইনষ্টাইন

৮. পৰীক্ষাত সকলো সময়তে ফেইল। কিন্তু জীৱনকালত মুঠ বাইছটা একাডেমী পুৰস্কাৰ লাভ কৰিছিল। মিকি মাউছ ,ডনাল্ড ডাক আদি জনপ্ৰিয় কাৰ্টুনৰ জন্মদাতা। তেওঁৰ নাম – ৱাল্ট ডিজনী

৯. পিতৃ এগৰাকী নাৱৰীয়া। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে শৈশৱত পেপাৰ বিক্ৰী কৰিছিল। বিদ্যালয়ত তেখেতে মজলীয়া গ্ৰেড পাইছিল। তেখেতক চিনি নোপোৱা এই পৃথিৱীত হয়তো কোনো নোলাব। তেখেত হ’ল- এ.পি.জে আব্দুল কালাম

১০.হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ ১০ বাৰ আবেদন কৰি ১০ বাৰেই প্ৰত্যাখ্যান হৈছিল। চাকৰিৰ বাবে ৩০টা ইণ্টাৰভিউত ফেইল হৈছিল। কিন্তু আজি তেখেত পৃথিৱীৰ অন্যতম বৃহৎ অনলাইনভিত্তিক প্ৰতিষ্ঠান ‘আলিবাবা ডট কম’ৰ প্ৰতিষ্ঠাপক আৰু চেয়াৰমেন। তেখেত হ’ল –জ্যাক মা

হেজাৰ-বিজাৰ প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত অৱতীৰ্ণ হোৱাজনেহে বিৰিঙাব পাৰে সাফল্যৰ হাঁহি। এই দহগৰাকী ব্যক্তিয়ে তাৰেই প্ৰতীক বহন কৰে।

DA News Plus
Comments (0)
Add Comment