২০২২ বৰ্ষত এই খেলুৱৈজনক গুগ’লত সৰ্বাধিক সন্ধান কৰা হৈছে…খেলুৱৈজন কোন?

ডিজিটেল ডেস্কঃ বিৰাট কোহলী নাইবা মহেন্দ্ৰ সিং ধোনীয়ে তেওঁলোকৰ প্ৰদৰ্শনৰ জৰিয়তে লাখ লাখ অনুৰাগীৰ হৃদয় জিনিছে। কিন্তু, গুগ’লে ভাৰতৰ সৰ্বাধিক সন্ধান কৰা লোকৰ তালিকা প্ৰকাশ কৰিছে। আশ্চৰ্যজনকভাৱে, বিৰাট কোহলী বা মহেন্দ্ৰ সিং ধোনীৰ নাম নাই এই তালিকাত।

২০২২ চনত গুগ’লত আটাইতকৈ বেছি সন্ধান কৰা খেলুৱৈ জন অভিজ্ঞ লেগ স্পিনাৰ প্ৰবীণ তাম্বেৰ বাহিৰে আন কোনো নহয়। তাম্বে এই বছৰ আই পি এল বা ভাৰতীয় দলৰ অংশ নাছিল। ইয়াৰ স্বত্ত্বেও, তেওঁ কেনেকৈ শীৰ্ষতম তালিকাত আহিল? ইয়াৰ কাৰণ তেওঁৰ জীৱনীমূলক ছবি “কৌন প্ৰবীণ তাম্বে” বুলি বিশ্বাস কৰা হয়। এই ছবিখনত বলীউডঅভিনেতা শ্ৰেয়াছ তালপাদে প্ৰবীণ তাম্বেৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখন ডিজনী প্লাছ হটষ্টাৰত ২০২২ চনৰ ১ এপ্ৰিলত মুক্তি দিয়া হৈছিল।

সম্প্ৰতি গুগ’লে প্ৰকাশ কৰা তালিকাখনক লৈ কৌতুহলৰ সৃষ্টি হৈছে ক্ৰীড়াপ্ৰেমীৰ মনত।

CricketDA News Plus
Comments (0)
Add Comment