বিয়া পাতিবৰ‌ বাবেই আছু এৰিলে দীপাংক নাথে! ১৫ ডিচেম্বৰত বিয়া,কইনা হ’ব কোন?

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত দপদপাই থকা দীপাংক নাথে বৃহস্পতিবাৰে সভাপতি পদৰ পৰা পদত্যাগ কৰে। ব্যক্তিগত কাৰণত আছু ত্যাগ কৰা বুলি উল্লেখ কৰা দীপাংক নাথৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি চৰ্চা চলাৰ সময়তেই উন্মোচিত হৈছে পদত্যাগৰ আঁৰৰ কথা।

জানিব পৰা মতে, অহা ১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব আছুৰ সদ্য পদত্যাগী সভাপতি দীপাংক নাথ।
পিছে, কোন হ’ব দীপাংক নাথৰ সহধৰ্মিনী! সেই সন্দৰ্ভতো অব্যাহত আছে ব্যাপক চৰ্চা। খবৰ অনুসৰি দীপাংক নাথৰ কইনা হ’ব গুৱাহাটী নিৱাসী ড০ ৰূপা হাজৰিকা। পেছাত এগৰাকী শিক্ষয়িত্ৰী ৰূপা হাজৰিকাৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিব দীপাংক নাথে।

aasuAssamDA News PlusGuwahati
Comments (0)
Add Comment