ৰাজ্যিক কেবিনেটত কি কি নতুন সিদ্ধান্ত? সবিশেষ…

ডিজিটেল ডেস্কঃ মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। মাটিত বহি কেবিনেটত অংশগ্রহণ কৰে মন্ত্ৰী সকলে। কেবিনেটৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ৪০০ৰো অধিক শ্বহীদ পৰিয়াললৈ দিয়া হ’ব চাকৰি। ১৯৮৫ৰ পিছত শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়াললৈ এই চাকৰি দিয়া হ’ব। অসমত নতুনকৈ ১৬২খন থানা নিৰ্মাণ হ’ব। ৫২৩ কোটি টকা বিনিয়োগ হ’ব এই থানা নিৰ্মাণত।অন্যহাতে পলাশবাৰীত নিৰ্মাণ হ’ব এখন অত্যাধুনিক আৰক্ষী থানা। এই থানাখনৰ ওপৰ মহলাত থাকিব আৰক্ষী লোকসকলৰ কোৱাৰ্টাৰ।

APSCত নাথাকিব Subject Optional Paper। Gate-A আৰু Bৰ চাকৰিত ২% সংৰক্ষণ কৰা হ’ব। অৱসৰপ্রাপ্ত সেনা জোৱানৰ বাবে সংৰক্ষণ কৰা হ’ব এই চাকৰি। ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব। লগতে গৰ্ভৱতী মহিলাৰ একাউণ্টত দিয়া হ’ব ৭০০ টকা। নতুন ফৰেষ্ট বেটেলিয়নত অনুমোদন জনোৱা হয় কেবিনেটত। ১১০০ নিবনুৱাই চাকৰি পাব এই বেটেলিয়নত। বন বিভাগত খালী হৈ থকা ১৭০০ পদত শীঘ্রেই দিয়া হ’ব নিযুক্তি। শিক্ষা বিভাগৰ খালী পদ পূৰণৰ বাবে শীঘ্রেই দিয়া হ’ব বিজ্ঞাপন। ৩০ ডিচেম্বৰৰ ভিতৰত দিয়া হ’ব বিজ্ঞাপন। ৩০ হাজাৰ নতুন নিযুক্তিৰ বাবে ওলাব বিজ্ঞাপন।

AssamDA News PlusHimanta Biswa Sarma
Comments (0)
Add Comment