ৰঞ্জিত বৰাৰ হত্যাকাণ্ড সন্দৰ্ভত এজনক আটক! আৰু কোন কোন?

ডিজিটেল ডেস্কঃ বিগত ২১ নৱেম্বৰত মহানগৰীৰ পাঞ্জাবাৰীত দিনদুপৰতে দুৰ্বৃত্তৰ গুলীত নিহত হোৱা ৰঞ্জিত বৰাৰ হত্যাকাণ্ড সন্দৰ্ভত মৰিগাঁৱৰ পৰা এজন যুৱকক আটক কৰে আৰক্ষীয়ে ।
উক্ত লোমহৰ্ষক হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত আটক কৰা যুৱকজনৰ নাম জনৈক আলী। ডিচিপি সুধাকৰ সিঙৰ নিৰ্দেশ মৰ্মে মৰিগাঁও সদৰ থানাৰ আৰক্ষীৰ দল এটাই সোমবাৰে আবেলি মৰিগাঁও চহৰৰ সমীপৰ দলবাৰী অঞ্চলৰ পৰা আটক কৰে জনৈক আলীক। ইতিমধ্যেই দিছপুৰ থানাৰ আৰক্ষীয়ে জিম্মাত লৈছে আলীক। প্ৰকৃত সত্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আটকাধীন জনৈক আলী প্ৰকৃততে দোষী হয় নে নহয়,সময়ে ক’ব! কিন্তু প্ৰশ্ন হয়-ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ নেপথ্যত আৰু কোন কোন ৰৌ-বৰালি জড়িত? পোহৰলৈ আহিবনে আচল সত্য?

Comments (0)
Add Comment