এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা !জ্যেষ্ঠ আবাসীৰ নিৰ্যাতনত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ । চিকিৎসাধীন হজৰত আলী

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা !
জ্যেষ্ঠ আবাসীৰ নিৰ্যাতনত আঘাতপ্ৰাপ্ত কনিষ্ঠ ছাত্ৰ । চিকিৎসাধীন হজৰত আলী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড মাৰ নাযাওতেই এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনা ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড উন্মোচিত হোৱাৰ পিছত ইতিমধ্যেই জগন্নাথ বৰুৱা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি পোহৰলৈ আহিছে ন ন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ ক’লা অধ্যায় ।
এইবাৰ জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰ।
অভিযোগ অনুসৰি ৰেগিঙৰ নামত অকথ্য নিৰ্যাতনৰ বলি হয় হোষ্টেলৰ কনিষ্ঠ আৱাসী।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ হজৰত আলী নামৰ এগৰাকী কনিষ্ঠ আৱাসীৰ ওপৰত উপৰ্যুপৰি চলিছিল নিৰ্যাতন ।
জ্যেষ্ঠ আৱাসীৰ নিৰ্যাতনত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে,বিগত ২৭ মাৰ্চতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা !
ৰহস্যজনকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ে গাপ দি ৰাখিছিল সমগ্ৰ ঘটনা ।
ৰেগিং কাণ্ডৰ সৈতে জড়িত জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
প্ৰশ্ন হয়, ২৭ মাৰ্চতেই সংঘটিত ৰেগিং কাণ্ডক কিয় কিহৰ বাবে গাপ দি ৰাখিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ?
দোষীক প্ৰশ্ৰয় নে আন কিবা ?

Comments (0)
Add Comment