শিশুৰ পুষ্টিহীনতা: সমস্যা বহু পুৰণি, সমাধান কেতিয়া?

পলাশ জ্যোতি গগৈ
ফোন : ৮৬৩৮০২৮৩৭১

ডিজিটেল ডেস্ক : সম্প্ৰতি শিশুৰ পুষ্টিহীনতাৰ সমস্যাই বিপদত পেলাইছে প্ৰতিজন অভিভাৱকক। দিন এনে আহিছে যে কিছু কিছু স্থানত প্ৰয়োজনীয় খাদ্য খাবলৈ নাপাই শিশুৰ স্বাস্থ্যৰ অৱস্থা অতি দুখ লগা হৈছে। শৰীৰৰ বাবে দৰকাৰী প্ৰটিনযুক্ত খাদ্য খাবলৈ নোপোৱা শিশুৰ স্বাস্থ্যৰ অৱস্থাই বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটাইছে। গুৱাহাটী মহানগৰীৰ দাতি কাষৰীয়া কিছু স্থানত আজিৰ তাৰিখত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়িত হ’লেও সেই আঁচনিৰ সুবিধা ৰাইজে কেনেকৈ লাভ কৰিছে সেই কথা পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

খাবলৈ পানী নাই। চিকিৎসা কৰিবলৈ নাই চিকিৎসক। তেনেকৈয়ে চলিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিৰ এখন ঠাই। ঠাইখন বহুলোকৰ বাবে চিনাকী। এইখন ঠাই আকৌ চিনাকী হোৱাৰ আন এটা কাৰণ হৈছে ইয়াৰ চহকী প্ৰাকৃতিক পৰিৱেশ। কোনোৱে হয়তো গাঁওখনৰ নাম শুনিছে। আন কোনোৱে শুনা নাই। এতিয়া এইখন গাঁও চিনাকী হোৱাৰ অন্যতম কাৰণ হৈছে গাঁওখনৰ খোৱাপানীৰ অভাৱ, চিকিৎসা ব্যৱস্থাৰ অভাৱ আৰু অনুন্নত যোগাযোগ ব্যৱস্থা। গাঁওখন কামৰূপ জিলাত অৱস্থিত। নাম ছাটাৰগাঁও। গাওঁখন ৰাণী সংৰক্ষিত বনাঞ্চলৰ এখন সেউজীয়া পৰিৱেশেৰে আবৃত ঠাই। গাঁওখনৰ বাসিন্দাৰ সংখ্যা প্ৰায় ৩০০। এইসকল লোকৰ মাজত নাই এগৰাকীও চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে কেৱল কৃষি কৰ্মৰ জৰিয়তেই তেওঁলোকে নিজৰ পৰিয়াল চলাইছে।

পৰিতাপৰ কথা এইখন গাঁৱৰ এগৰাকী কণমানি পুষ্টিহীনতাৰ চিকাৰ হৈছে। পুষ্টিহীনতাৰ চিকাৰ হোৱা কণমানিটিৰ বয়স প্ৰায় ৩ বছৰ। পৰিয়ালৰ লোকে খাদ্য যোগান ধৰিছে যদিও শিশুটিৰ দৈহিক বিকাশ বয়সৰ অনুপাতে হোৱা নাই। ইয়াকে লৈ চিন্তিত পিতৃ-মাতৃৰ লগতে স্থানীয় অংগনৱাড়ী কৰ্মীগৰাকীও। কেৱল এয়াই নহয়, ছাটাৰগাঁৱত শিশুৱে চিকিৎসা নাপায় কেতিয়াবা মৃত্যুৰ মুখতো পৰে। তাৰ কাৰণ হৈছে প্ৰয়োজনীয় চিকিৎসালয়ৰ অভাৱ। কোনো শিশু ৰোগাক্ৰান্ত হ’লে সেই শিশুক চিকিৎসালয়ৈ নিবলৈ বহুদূৰ বাট যাবলগীয়া হয়। গতিকে মন কৰিলেও চিকিৎসা কৰিব নোৱাৰে। ইয়াৰ সমান্তৰালকৈ নিজৰ দৰিদ্ৰতাৰ বাবেও কেতিয়াবা শিশুক চিকিৎসা কৰিবলৈ নিব নোৱাৰে অভিভাৱকে।

দৈনিক আহাৰৰ পৰাই শিশুৱে শক্তিৰ বাবে প্ৰয়োজনীয় সকলো সমল লাভ কৰে। কেলৰি আৰু প্ৰটিনে শিশুৰ শৰীৰ বৰ্ধনত সহায় কৰে। আহাৰ নিৰ্দিষ্ট পৰিমাণে নাপালে সেই প্ৰটিন আৰু কেলৰিৰ অভাৱে দেখা দিলে শিশুসকল নানা সমস্যাৰে যুঁজ কৰিবলগীয়া হয়। সেয়া সকলোৰে বাবে সহজেই অনুমেয়।

কম বয়সতে মাতৃ বিবাহ পাশত আবদ্ধ হ’লেও তাৰ কু-প্ৰভাৱ পৰিব পাৰে শিশুৰ দেহত। বিশেষতঃ গাঁও অঞ্চলত কিছু কিছু ক্ষেত্ৰত কম বয়সতে বিয়া হয় কিছু মহিলা। তেনেক্ষেত্ৰত সেই মহিলা গৰ্ভাৱতী হ’লে আৰু শাৰীৰিকভাৱে প্ৰস্তুত নাথাকিলে শিশুৰ দৈহিক, মানসিক বিকাশ সুচাৰুৰূপে নহবও পাৰে। উল্লেখ্য যে, পুষ্টিকৰ খাদ্য নাথাকিলে আমি অপুষ্টিত ভোগাটো একেবাৰে নিশ্চিত। বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেল নিত্যান্তই প্ৰয়োজনীয়। অন্যথা মানসিক আৰু শাৰীৰিক বিকাশত আহিব বাধা। ভিটামিন আৰু মিনাৰেল একেই হিচাপত থাকিলে ৰোগৰ সংক্ৰমণ নোহোৱাৰ লগতে হাড়, মাংসপেশী তথা অন্যান্য অংগৰ বিকাশত সহায়ক হয়।

য’ত খাবলৈ মানুহৰ পানী নাথাকে, ৰোগ দেখুৱাবলৈ চিকিৎসক নাথাকে তেনে স্থানত কেনেকৈ মানুহে পুষ্টিহীনতাৰ সৈতে যুঁজিব। তাৰোপৰি ছাটাৰগাঁৱৰ অংগনৱাড়ী কেন্দ্ৰটোৰ অৱস্থাও তেনেই তথৈবচ।
কথাতে কোৱা হয়, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এনে অৱস্থাত শিশুসকলক ভালকৈ শিক্ষা দিব নোৱাৰিলে কেনেকৈ এই সকল শিশুক আমি ভৱিষ্যতৰ বাবে সু নাগৰিক হিচাবে গঢ়ি তুলিব পাৰিম। গাঁওখনৰ অংগনৱাড়ী কেন্দ্ৰটো নোহোৱাত কৰ্মীগৰাকী বিপদত পৰিছে। ৰ’দ বৰষুণৰ মাজতে শিক্ষা দান কৰিবলগীয়া হৈছে শিশুসকলক। এনে অৱস্থাত বহুলোকে নিজৰ সন্তানক কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ কৰে।

শিশু সকলক সুন্দৰকৈ আগুৱাই নিব নোৱাৰিলে, তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ কৰিব নোৱাৰিলে এখন সুস্থ সমাজ আমি পাম কেনেকৈ? কেৱল পৰ্যটনৰ দৃষ্টিৰে নহয়, প্ৰকৃতাৰ্থত এখন সুস্থ সবল সমাজ গঠনৰ বাবে আমি ছাটাৰগাঁৱৰ দৰে স্থানৰ শিশু সকলক নিখুঁত ভাবে আগুৱাই নিব লাগিব। এইক্ষেত্ৰত সমাজৰ প্ৰতিজন লোকে পণ লব লাগিব।

AssamDA News Plus
Comments (0)
Add Comment